Q: লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?
Ans: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম মোৰ জীৱন সোঁৱৰণ ৷
মোৰ জীৱন সোঁৱৰণ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী৷ “অসমীয়া সাহিত্যৰ প্ৰত্যেক কোঠালিতে প্ৰতিভাৰ বন্তি জ্বলাওঁতা, অসমীয়াক জাতীয়তাৰে অনুপ্ৰাণিত কৰোঁতা, অসমীয়া সাহিত্যৰ প্ৰধান ওজা শক্তিমন্ত্ৰ যুঁজাৰু অসমীয়া সহিত্যৰ মেধাস্বৰূপ, প্ৰাণস্বৰূপ এটি যুগৰ বতৰা কওঁতা লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কৈও অন্ত পাবলৈ নাই, লিখি শেষ কৰিবলৈয়ো ভাগৰ লাগে৷’’ এনে এগৰাকী সাহিত্যিকৰ এই আত্মজীৱনীখনৰ প্ৰথম তাঙৰণ উলিয়াইছিল, ১৯৪৪ চনত, মাধব চন্দ্ৰ বেজবৰুৱাই৷ আত্মজীৱনীখন উছৰ্গা কৰিছে মাতৃ ঠানেশ্বৰী দেৱীৰ কৰকমলত আৰু এইখন তেওঁৰ পিতাকৰ জীৱন চৰিত বুলিছে৷ উছৰ্গাত এনেদৰে আছে,
“পৰম পূজনীয় আই, শ্ৰীমতী ঠানেশ্বৰী দেৱীৰ কৰকমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীৱন চৰিত অৰ্পন কৰিলোঁ৷ লক্ষ্মীনাথ৷’’বেজবৰুৱাৰ আত্মজীৱনীখনৰ প্ৰথম ভাগটোত আঠোটা অধ্যায়, দ্বিতীয় ভাগত দহটা অধ্যায় আৰু পৰিশিষ্টত সন্নিৱিষ্ট “মোৰ মৃগয়া’’ আৰু “মোৰ মাতৃমুখ দৰ্শন’’ত ছটাকৈ অধ্যায় আছে৷