ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?
ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?

ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?

ধনৰ দুই প্ৰকাৰ:

ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ব পাৰে – প্ৰথমতে , ধনেৰে মানুহে সুখ – সম্পদৰ আহিলা পাতি গোটাই ল’ব  পাৰে । ভোজনৰ বাবে ভালবস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বসবাস কৰিবলৈ ভাল ঘৰৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই আনি উপভোগ কৰিব পাৰি ।

দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি ; ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰৰ অভাৱ ধনেৰে পূৰাব পাৰি । মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি । তাৰোপৰি বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰি ।