মহাত্মা গান্ধীৰ পত্নীৰ নাম কি?
মহাত্মা গান্ধীৰ পত্নীৰ নাম কি?

মহাত্মা গান্ধীৰ পত্নীৰ নাম কি?

Q: মহাত্মা গান্ধীৰ পত্নীৰ নাম কি?

Ans: মহাত্মা গান্ধীৰ পত্নীৰ নাম কস্তুৰবা গান্ধী ৷


কস্তুৰবা গান্ধী ( Kasturba Gandhi) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আছিল৷ তেওঁৰ জন্ম হৈছিল, ১৮৬৯ চনত৷ তেওঁ মহাত্মা গান্ধীৰ পত্নী আছিল৷ কস্তুৰবাৰ স্মৃতিত তেওঁৰ জন্মদিনত ভাৰতত প্ৰতিবছৰে ১১ এপ্ৰিলৰ দিনা “মাতৃত্ব সুৰক্ষা দিৱস’’ পালন কৰা হয়৷

১৮৬৯ চনৰ ১১ এপ্ৰিল তাৰিখে গোকুলদাস কাপাড়িয়া আৰু ব্ৰজকুনৱেৰবা কাপাড়িয়াৰ ঘৰত কস্তুৰ বাৰ জন্ম হয়৷ এই পৰিয়ালটো মধ বণিয়া জাতিৰ হিন্দু আছিল আৰু গুজৰাটৰ উপকূলীয় চহৰ পোৰবন্দৰত বাস কৰিছিল৷ ১৮৮৩ চনৰ মে’ মাহত ১৪ বছৰীয়া কস্তুৰবাৰ ১৩ বছৰীয়া মোহনদাস কৰমচান্দত সৈতে পিতৃ-মাতৃয়ে কন্যা-সম্প্ৰদান কৰে৷ বিয়াৰ পিছত প্ৰচলিত পৰম্পৰামতেই কইনাগৰাকীয়ে বিয়াৰ পিছৰ প্ৰথম কেইবছৰমান মাতৃগৃহত কটাব লাগিছিল আৰু স্বামীৰ পৰা আঁতৰত থাকিব লাগিছিল৷

কস্তুৰবা আৰু মোহনদাসৰ কেইবাটিও সন্তান হৈছিল৷ প্ৰথম সন্তানটি জন্মৰ কিছুসময় পাছতে মৃত্যু হৈছিল৷ যদিও তেওঁলোকৰ চাৰিজন পুত্ৰ হৰিলাল, মণিলাল, ৰামদাস আৰু দেৱদাস তেওঁলোকৰ প্ৰাপ্তবয়স্ক হোৱা পৰলৈকে বাচি আছিল, তথাপি কস্তুৰবাই তেওঁৰ প্ৰথম সন্তানৰ মৃত্যুৰ শোক পাহৰিব পৰা নাছিল৷ প্ৰথম দুই পুত্ৰৰ জন্ম হৈছিল, মোহনদাস প্ৰথমবাৰ বিদেশলৈ যোৱাৰ আগতে৷ মোহনদাস বিদেশলৈ পঢ়িবলৈ যোৱাৰ সময়ত কস্তুৰবা ভাৰততে থাকি গৈছিল৷ পিছত ১৮৯৬ চনত দুই পুত্ৰ সৈতে মোহনদাসৰ লগত দক্ষিণ আফ্ৰিকাত থাকিবলৈ গৈছিল৷